1.
এই ৰাতি, এই জোনাক নিশা,
বাজি গ'ল ১১ টা,
অকলশৰে আছু বিছনাত,
চাই আছু পাংখাৰ বতাহত উঠা নমা কৰি থকা,
দিনপঞ্জীৰ ছেপ্তেম্বৰ মাহৰ পৃষ্ঠা ।
যেন ক'ব বিছাৰিছে আজি ২৮, মোৰ সময় শেষ , মোক যাবলৈ দিয়া ।
কি মায়াময় হৈ উঠে ৰাতিবোওৰ কেতিয়াবা,
সময় থমকি যায়,থমকি পৰে জোন,বেলি,তৰা,
জোনে যেন অনুভৱ কৰে গৰ্ব, পৃথিৱীক দি এনে মায়াবী জোনাক নিশা ।
যাদুকৰী জোনাক নিশা,হেডফোনত শুনি আছু ফাইন্দিং নেভাৰলেণ্ডৰ আবহ স্ংগীত ,
যেম্ন শুই পৰিছো পাহাৰৰ সমতল ঘাঁহনিত ।
কিযে সুন্দৰ এই জোনাক নিশা, তথাপি বুকুৱে বিচাৰে সান্নিধ্য প্ৰিয়াৰ
এই জোনাক নিশা বহু প্ৰেমিকে পাইছে প্ৰিয়াৰ সান্নিধ্য,
বহুতে ফোনত মিথা মিথা কথা পাতিয়ে সন্তুস্ত,
আৰু বহুতে মোৰ দৰে লিখিছে কবিতা,
কাঢ়ি লৈ এটা দীঘল হৃদয়বিদাৰক হুমুনীয়াহ ।
No comments:
Post a Comment