বহুতে ভক্তিৰ মাধ্যমক আনবোৰ নিচাৰ সৈতে তুলনা কৰে, কিন্তু তেওঁলোকৰ এই ক্ষেত্ৰত অভিজ্ঞতা কম কাৰণে হয়তো তেনেকৈ কয় । ভক্তি এক প্ৰকাৰৰ নিচা হয় কিন্তু এই নিচাত এক সুগন্ধি আছে, কিন্তু অপিয়াম বা মদৰ নিচাত আছে এক দুৰ্গন্ধ ।
ইংৰাজী ভাষাৰ কবি ছেমুৱেল তায়লৰ কলেৰিজে যি ধুনীয়া কবিতা ৰচনা কৰিছিল তাৰে ভিতৰত The Rime of the Ancient Mariner , Kublai Khan তাৰ সোৱাদ বেলেগ , এটা মুহূৰ্তৰ বাবে এক সুকীয়া অনুভূতি । কিন্তু কলেৰিজৰ কবিতা ৰচনাত অপিয়াম আৰু মদৰ এক প্ৰভাৱ আছিল ।
কিন্তু আমাৰ অসমৰ ১৫-১৬ শতিকাত গুৰু শংকৰদেৱ আৰু মাধৱদেৱে যি সুন্দৰ বৰগীত ৰচনা কৰিছিল সেয়া আছিল ভক্তিৰ নিচাত ।।
প্ৰথমবাৰ ধৰ্মক অপিয়ামৰ লগত কাৰ্ল মাৰ্ক্সে তুলনা কৰিছিল -
The full quote from Karl Marx translates as: "Religion is the sigh of the oppressed creature, the heart of a heartless world, and the soul of soulless conditions. It is the opium of the people".
,
কিন্তু বেছিভাগ মাৰ্ক্সবাদীয়ে শেষৰ লাইনটোত হে বেছি গুৰুত্ব দিছিল ,যাৰ বাবে সম্পূৰ্ণ অৰ্থটো প্ৰকাশ নাপায় ।
এই লেখাটোৰ উদ্দেশ্যে এইটোৱেই ব্যক্ত কৰা যে ভক্তিৰ নিচাক , অপিয়ামৰ নিচাৰ লগত তুলনা কৰা উচিত নহয় । ই এক বেলেগ অনুভূতি, এটা বেলেগ পথ ।
ভক্তিৰ নিচাত প্ৰেমৰে নিচা সোমাই থাকে ।।
শিৱ ভক্তসকলে গাজা খোৱাৰ কোনো প্ৰয়োজন নাথাকে, কিন্তু ভক্তিৰ নামত গাজা খোৱাটো ভক্তি কৰা নহয় । গাজাৰ পৰা কিছুসময়ৰ বাবে মগজুৰ পৰা মানসিক চাপ, উদ্বিগ্নতা নোহোৱা হৈ যায় , কিন্তু এনেকুৱা অৱস্থাত যি নিচা বা হাই পোৱা যায়,তাৰ ফলতেই বহুতে গাজাৰ প্ৰতি আসক্ত হৈ যায় ।
মানসিক চাপ বা উদ্বিগ্নতা নোহোৱা কৰাৰ উপায় যোগত দিয়া আছে, কিন্তু দুৰ্ভাগ্যজনক কথা যে , আধুনিক শিক্ষা ব্যৱস্থাত যোগৰ পাঠ্যক্ৰম আমাৰ বিদ্যালয়ত নাই । বিদ্যালয়ত নাথাকিলেও ইন্টাৰনেটত ধেৰ যোগ বিদ্যাৰ তথ্য আছে , সকলোৱে নিজে শিকি ল'ব পাৰে ,যদিহে আগ্ৰহ কৰে । বিশেষকৈ ধ্যানত বহা আৰম্ভ কৰিলে বহুতো মানসিক চাপ আৰু উদ্বিগ্নতা নোহোৱা হয়, এইয়া নিজা অভিজ্ঞতাৰ পৰা ক'ব পাৰো ।।
এটা নতুন মাহৰ আৰম্ভণিতে সকলোৰে কল্যান কামনা কৰিলোঁ ।। পঢ়া বাবে ধন্যবাদ ।।
১ জুলাই, ২০২০
©জিতু দাস