ভগৱানৰ অচিন্তনীয় অব্যক্ত নিৰ্বিশেষ ধাৰণাক অনুসৰণ কৰা আধ্যাত্মিকসকলক বোলা হয় জ্ঞানযোগী আৰু যিসকলে সম্পূৰ্ণ ৰূপে কৃষ্ণভাৱনাসম্পন্ন হৈ ভগৱানৰ ভক্তি কৰাত ব্ৰতী হৈ থাকে তেওঁলোকক বোলা হয় ভক্তিযোগী ।
ভগৱান বা পৰমসত্যৰ নিৰাকাৰ ৰূপটো বুজিবলৈ জ্ঞানযোগৰ সাধনা কৰা হয়। জ্ঞানযোগীয়ে বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য জানিবলৈ চেষ্টা কৰে । কিন্তু শেষ নোহোৱা ব্ৰহ্মাণ্ডৰ জ্ঞান অৰ্জন কৰাটো অতি কষ্টকৰ যদিও পৰমউপলব্ধি একেটাই । Quantum পদাৰ্থবিজ্ঞানৰ এটা উপলব্ধি যেনে Separation is an illusion - পাৰ্থক্যবোৰ কেৱল মাত্ৰ এটা বিভ্রম । উপনিষদতো সেই একেটা কথাকে কোৱা হৈছে যে জ্ঞানীসকলে প্ৰথমতে সকলো বিষয়তে পাৰ্থক্য দেখা পায়, কিন্তু পৰমজ্ঞানৰ অনুভৱ কৰা জনে বুজি পায় যে সকলো বস্তু ,জড়,জীৱ এটাই এটাৰ লগত জড়িত । সকলোতকৈ ডাঙৰ বিভ্রম হৈছে বিশ্বব্ৰহ্মাণ্ড আৰু আমি পৃথক ।
সেয়েহে ভগৱান শ্ৰী কৃষ্ণই গীতাৰ ভক্তিযোগ অধ্যায়ৰ শ্লোক ৫ ত কৈছে -
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ||
अव्यक्ता हि गतिर्दु:खं देहवद्भिरवाप्यते ||
অৰ্থ - যিসকলৰ মনবিলাক পৰমতত্বৰ অব্যক্ত বা নিৰাকাৰ ৰূপটোৰ প্ৰতি আসক্ত তেওঁলোকৰ বাবে আধ্যাত্মিক অগ্ৰগতি লাভ কৰাটো জটিলতাৰে ভৰা । দেহধাৰীসকলৰ বাবে এই অব্যক্ত ৰূপৰ সাধনা বৰ কষ্টকৰ ।
১৪/০৬/২০২০
©জিতু দাস
No comments:
Post a Comment