আন্তৰ্জাতিক যোগ দিৱসৰ শুভেচ্ছা জনালোঁ । যোগৰ প্ৰকৃত উদ্দেশ্যে হৈছে জীৱাত্মাৰ সৈতে পৰমাত্মাৰ সৈতে সান্নিধ্য লাভ কৰা । 🙏
যোগৰ সহায়ত মানুহ এজন প্ৰকৃতিৰ বিৰাট স্বৰূপটোৰ বিষয়ে অনুভৱ কৰে, আৰু এই অনুভৱে অহংকাৰী মনৰ ভাৰ বা গধীৰতা দূৰ কৰে ।
যোগ কেৱলমাত্ৰ স্থূল শৰীৰৰ বাবে নহয়, যোগে সূক্ষ্ম শৰীৰৰ পৰাও সকলো দোষ দূৰ কৰে, দোষ যেনে অহংকাৰ, কাম, লোভ , ভয় আদি ।।
যোগ সাধনা অবিহনে জীৱন ব্যর্থ । সফলতাৰ যি মাপদণ্ড সমাজত বৰ্তমান চলি আছে,
সেই সফলতাই মানুহক সন্তুষ্টি দিব পৰা নাই ।
যোগ সাধনা কৰি সিদ্ধ লাভ কৰা সকলে আৰু জীৱনত পাবলৈ একো নাথাকে । কিন্তু ভাগৱত পুৰাণৰ মতে কলি যুগত জ্ঞানযোগ আৰু ধ্যানযোগ সাধনা কৰা মানুহৰ নিচেই তাকৰ ।
যোগৰ বহুত ধৰণ আছে । তাৰে ভিতৰত যোগৰ মূল চাৰিটা ভাগ হৈছে -
১. কৰ্মযোগ :
কৰ্মযোগৰ বিষয়ে এটা ভুল ধাৰণা আছে যে ,তেওঁ কেৱল কৰ্ম কৰি যাৱ, তেওঁৰ মতে কৰ্মই ধৰ্ম , কিন্তু এই কৰ্ম তেওঁ কেৱল নিজৰ আৰু পৰিয়ালৰ বাবেহে কৰে, ইয়াত স্বাৰ্থপৰতা বাৰুকৈয়ে সোমাই আছে ।
কিন্তু প্ৰকৃততে কৰ্মযোগীয়ে কৰ্ম বিনা স্বাৰ্থতহে কৰে, তেওঁ লাভালাভৰ কথা চিন্তা নকৰে । স্বাৰ্থ অবিহনে কৰিলেহে তেওঁৰ কৰ্মই ধৰ্ম হৈ পৰে ।
২. ভক্তিযোগ :
মানুহ এজনৰ সম্পূৰ্ণ অহংকাৰ ভাঙি যেতিয়া ক্ষুণ্ণ বিষন্ন হৈ পৰে, তেতিয়া কিবা পুণ্যকৰ্মৰ ফলতহে ভক্তিযোগৰ ফালে ঢাল খায় ।। যেতিয়া মানুহ এজনে জীৱনকালত জ্ঞান আৰু ধ্যান যোগত জীৱনৰ সন্তুষ্টি লাভ নকৰে, তেতিয়াই তেওঁৰ অহংকাৰ ভাঙি যায় । ভক্তিযোগৰ ৰস পাবলৈ হ'লেও তেওঁ জ্ঞান আৰু ধ্যানযোগ নকৰাকৈয়ে আহিলে,তেওঁৰ মনত সন্দেহ মাৰ নাযায় । প্ৰথমতে জ্ঞান আৰু ধ্যানযোগৰ দ্বাৰা যিমান সন্দেহ, অবিশ্বাস, কৌতুহলতা মাৰ যাব লাগিব , তেতিয়াহে এজন মানুহে ভক্তিযোগৰ পিনে যাবলৈ সহজ হ'ব ।
৩. জ্ঞানযোগ :
জ্ঞানযোগৰ আৰম্ভণি মানুহৰ শৈশৱকালৰ পৰাই হয় । বিদায়ল, কলেজ, বিশ্ববিদ্যালয়ৰ অর্জন কৰা জ্ঞানে আমাক নিজৰ জ্ঞানযোগ সাধনাত সহায় কৰে । কিন্তু বেছিভাগেই ভুল ধাৰণা কৰি লয়, বিশ্ববিদ্যালয়ত ডিগ্ৰী লাভ কৰা জ্ঞানখিনি যে কিমান নগন্য সেই কথা উপলব্ধি নকৰে আৰু সেই নগন্য জ্ঞানতে অহংকাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে । যিমানেই বেছি ডিগ্ৰী সিমানেই তেওঁৰ অহংকাৰ বাঢ়ি যায়, কিন্তু জ্ঞানযোগৰ প্ৰকৃততে উদ্দেশ্যে হৈছে জনকল্যান হেতু সেই জ্ঞান প্ৰয়োগ কৰা । জ্ঞানযোগীয়ে আন এটা ভুল কৰে সেইটো হ'ল নিজৰ জ্ঞান খিনি আনক দিব নোখোজা । জ্ঞানযোগৰ অন্তিম পৰ্য্যায়ত মানুহ এজনে বুজি পায় যে জ্ঞানযোগত ব্ৰহ্মাণ্ডৰ বিশালতা আৰু নিজৰ বিন্দুসম ক্ষুদ্ৰ অস্তিত্বৰ কথা । তেতিয়া আৰু তেওঁৰ অহংকাৰ নাথাকে । যেতিয়া এজন ব্যক্তিয়ে সেই উপলব্ধি কৰে, তেতিয়াই উপনিষদৰ সাৰ মৰ্ম বুজি পায় যে ব্ৰহ্মাণ্ড এক, সকলো এটাৰেই অংশ ।
৪. ৰাজযোগ : ৰাজযোগৰ উদ্দেশ্য হৈছে স্থূল শৰীৰৰ উপৰিও সূক্ষ্ম শৰীৰৰ দোষ দূৰ কৰা । স্বাস্থ্য ৰক্ষাৰ বাবে ৰাজযোগ উত্তম । ৰাজযোগৰ দ্বাৰা এজন ব্যক্তিয়ে পৰমাত্মাৰ সান্নিধ্য আটাইতকৈ সোনকালে লাভ কৰিব পাৰে ।।কিন্তু গুৰু অবিহনে ৰাজযোগৰ কিছু যোগ কৰাটো একপ্ৰকাৰৰ মানা আছে । ৰাজযোগৰ দ্বাৰা এজন যোগীয়ে আত্মসংযমী হ'ব পাৰে । ৰাজযোগৰ প্ৰাণায়মৰ বিষয়ে বেছিভাগেই জানে । প্ৰাণায়মৰ দ্বাৰা এজনে নিজৰ মন মগজুৰ স্থিৰতা তথা শান্তি আনিব পাৰে । তাৰ উপৰিও ৰাজযোগৰ উত্তম অংশ হ'ল ধ্যান আৰু সমাধি । ৰাজযোগৰ উপকাৰিতাৰ বেছিভাগেই নাজানে । ৰাজযোগী এজন সুস্বাস্থ্যৰ অধিকাৰী হয় ,এই কথা এনেই কোৱা নহয়, ৰাজযোগীৰ সাধনা কৰা ব্যক্তিক দেখা পাই কৈছোঁ ।
আন্তৰ্জাতিক যোগ দিৱসৰ উদ্দেশ্যে সফল হওঁক তাৰেই কামনা কৰিলোঁ ।
যোগ সম্বন্ধে যি মোৰ নিজৰ ক্ষুদ্ৰ অভিজ্ঞতা তাৰেই কিছু কথা কবলৈ যত্ন কৰিলোঁ যাতে সকলোৱে যোগৰ প্ৰতি কিছু আগ্ৰহী হয়।। 🙏
©জিতু দাস
No comments:
Post a Comment