Jitu Das Blog | Assamese Culture, Philosophy & Life Reflections

Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.

Vidya dadati binayam (विद्यां ददाति विनयं) meaning in Assamese language










পশ্চিমীয়া আদৰ্শৰ দ্বাৰা প্ৰভাৱিত চলি অহা ভাৰতীয় শিক্ষা ব্যৱস্থাত বিদ্যা গ্ৰহণৰ নিচিনা পবিত্ৰ প্ৰক্ৰিয়াক এক প্ৰতিযোগিতা আৰু অহংকাৰৰ পুষ্টি সাধনালৈ পৰিবৰ্তন কৰি তোলা হৈছে। শৈশৱকালত শংকৰদেৱ শিশু নিকেতনত পঢ়োঁতে এটা সুন্দৰ মন্ত্ৰ পাইছিলোঁ -
विद्यां ददाति विनयं,
विनयाद् याति पात्रताम्।
पात्रत्वात् धनमाप्नोति,
धनात् धर्मं ततः सुखम्

তেতিয়া এই মন্ত্ৰটোৰ গুৰুত্ব সীমানখিনি উপলব্ধি কৰিব পৰা নাছিলোঁ । যদিওবা আমাক মন্ত্ৰ শিকোৱা হৈছিল, গোটেই শিক্ষা ব্যৱস্থা হৈছে বিদ্যাৰ গ্ৰহণ কেৱল নম্বৰৰ প্ৰতিযোগিতাৰ বাবে আৰু ধন প্ৰাপ্তিৰ উদ্দেশ্য হকে । কিন্তু বিদ্যালয়ৰ সৰ্বাধিক নম্বৰ পোৱা সকল জানো বিনয়ী আছিল ! প্ৰতিযোগিতাৰ পৰিৱেশ যেতিয়া মাত্ৰাধিক হৈ যায় বিদ্যালয় বোৰত তাত বিদ্যাৰ উদ্দেশ্যও সংকীৰ্ণ হৈ পৰে । শিক্ষা সামগ্ৰিক নহ'লে, কেৱল নম্বৰৰ পিছত দৌৰা হ'লে, সেই শিক্ষাই কেনেকৈ মানৱীয় প্ৰমূল্যবোধ বিকাশ কৰিব !
মন্ত্ৰটোৰ কথাখিনি হয়তো এতিয়া অলপ ভালকৈ অনুভৱ কৰিব পাৰিছোঁ । বিদ্যা গ্ৰহণৰ ফলত মানুহ এজনে বিনয়ী হ'বলৈ চেষ্টা কৰিব নালাগে ,নিজে নিজে হৈ যায় । বহুতে বিনয়ী হোৱাৰ অভিনয় কৰে, কিন্তু মনত বিদ্যাৰ অহংকাৰ পুহি ৰাখে । কিন্তু কথাটো হ'ল বিনয়ী হ'ম বুলি কোনেও হ'বও নোৱাৰে ।
যেতিয়া লৈকে বিদ্যা তথা জ্ঞানৰ স্পর্শ বা বিৰাট ব্ৰহ্মাণ্ডৰ আগত যেতিয়া নিজৰ ক্ষুদ্ৰতা আৰু একাত্মতাৰ কিছু বোধ নহয়, কেনেকৈ এজনে বিনয়ী হ'ব পাৰিব, ইয়াত দোষ কাৰো নহয়। তেনেকুৱা উপযুক্ত পৰিবেশ আৰু পৰিস্থিতি সৃষ্টি নোহোৱা লৈকে মানুহ বিনয়ী হ'ব নোৱাৰে । যেতিয়া মানুহ এজন জীৱনৰ এনেকুৱা সন্ধিক্ষণ পাই যায় য'ত জীৱন চলাই নিয়া তথা সমগ্ৰ ব্ৰহ্মাণ্ডৰ চলাই থকা পৰম চেতনা আৰু আদিশক্তিৰ বোধ আহে, তেতিয়া নিজে নিজে মূৰ দোৱা খাই যায় আৰু মানুহ এজনে বিনয়ী হোৱাৰ অনুভূতি উপলব্ধি কৰিব পাৰে ।
বিনয়ী হোৱাৰ ফলতহে মানুহ এজনে পাত্ৰতা অর্জন কৰিব পাৰে, কিয়নো বিনয়ী হ'লেহে মানুহ এজনে নতুন বিদ্যা অর্জনৰ বাবে সাজু হ'ব পাৰিব । এনেকৈ নতুন বিদ্যা গ্ৰহণৰ ফলত এজনৰ কাৰ্যদক্ষতা নিশ্চিতভাৱে বাঢ়ে । বিদ্যা অর্জনৰ ফলতে মানুহে ধন প্ৰাপ্তিৰ বাবে প্ৰয়োজনীয় কাৰ্যকুশলতা আহৰণ কৰিব পাৰে ।
ধন প্ৰাপ্তিৰ পিছত মানুহ এজনে ধৰ্মৰ দিশত আগবাঢ়িবলৈ সুবিধা লাভ কৰে । ধনৰ প্ৰাপ্তিৰ পিছত তেওঁ আনক সহায় কৰিব পাৰে তথা ভাল কামত সেই ধন প্ৰয়োগ কৰিব পাৰে । ধন প্ৰাপ্তি অবিহনেও ধৰ্মৰ কৰ্ম কৰাটো সম্ভৱ, কিন্তু সেইটো এটা অন্য পন্থা ।
ধৰ্মৰ পিছতহে মানুহ এজনে সুখ বা শান্তি লাভ কৰে । ধৰ্মৰ অৰ্থ এই ক্ষেত্ৰত ইংৰাজী শব্দ religion ৰ কথা কোৱা হোৱা নাই । এই ধৰ্মৰ অৰ্থ হৈছে জীৱন তথা প্ৰকৃতিৰ সৈতে একাত্ম হোৱা । এই ধৰ্মৰ অৰ্থ নিজৰ আত্মাৰ প্ৰকৃতি অনুভৱ কৰা ।
If you want to find the secrets of the universe, think in terms of energy, frequency and vibration

টমাছ আলভা এডিচনৰ সমসাময়িক মহান বিজ্ঞানী নিকোলা টেছলাই কৈছিল যে ব্ৰহ্মাণ্ডৰ ৰহস্যৰ বিষয়ে জানিবলৈ হ'লে শক্তি, ফ্ৰীকুৱেন্সি আৰু কম্পনাংকৰ আধাৰত চিন্তা কৰিব লাগে ।
ধৰ্মৰ অৰ্থ নিজৰ অন্তৰ্নিহিত শক্তি বা আত্মাৰ অনুভৱ লাভ কৰা ।উপনিষদৰ মূল কথাটোৱে হৈছে নিজৰ লগতে ব্ৰহ্মাণ্ডৰ লগত একাত্ম অনুভৱ কৰা, যেতিয়া সেই জ্ঞানৰ অনুভূতি হয়, তেতিয়াই মানুহ এজনে জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰে । ধৰ্মৰ এটা ইংৰাজী অৰ্থ হৈছে nature ( প্ৰকৃতি) । আমাৰ সকলোৰে যি অন্তৰ্নিহিত শক্তিৰ প্ৰকৃতি আছে তাৰ সৈতে আমাৰ পৰিচয় হোৱা ধৰ্মৰ উদ্দেশ্য । প্ৰকৃত ধৰ্মৰ অৰ্থত সমস্ত ব্ৰহ্মাণ্ড সোমাই পৰে, ইয়াত কোনো ভেদ নাহে, কোনো বিভাজন নাহে, নাহে কোনো হিংসা, কোনো নিন্দা নাহে । তেতিয়া সকলো জীৱকুল নিজৰ আপোন হৈ পৰে, গছ-বন, জীৱ-জন্তু সকলোতে সেই একে শক্তি ( আত্মা) প্ৰবাহিত হৈ আছে যি মোৰ দেহটো চলাই ৰাখিছে ।
প্ৰকৃত ধৰ্মৰ অৰ্থত সমস্ত জীৱকুলৰ তথা ব্ৰহ্মাণ্ড চলাই ৰখা শক্তিৰ উৎস এক । Quantum mechanics ৰ এটা মূল সিদ্ধান্তয়ো একেটা কথাই কৈছে Separation is an illusion - সকলো পাৰ্থক্য কেৱল এক বিভ্রম মাথো । কিন্তু ধৰ্মৰ এই প্ৰকৃত অৰ্থটো বেছিভাগেই উপলব্ধি কৰিব নোৱাৰে । Religion আৰু পৃথিৱীৰ আটাইতকৈ পুৰণি তথা সুন্দৰ ভাষা সংস্কৃত শব্দ ধৰ্মৰ অৰ্থ বেলেগ, যদিওবা বছৰ বছৰ ধৰি একে অর্থ দুয়োটা শব্দ ব্যৱহাৰ কৰি অহা হৈছে । সনাতন ধৰ্মত মানুহ এজন জীৱন আৰু ব্ৰহ্মাণ্ডৰ যি বৈজ্ঞানিক তথা আধ্যাত্মিক ব্যাখ্যা লাভ কৰে, তেওঁৰ অন্তৰাত্মাই পৰম তৃপ্তি লাভ কৰে , সেয়ে হৈছে সনাতন ধৰ্ম, যাৰ ফলত মানুহ এজনে জীৱন চক্ৰত থাকিও সুখ শান্তি লাভ কৰিব পাৰে ।। মন্ত্ৰটোৰ অৰ্থটো মোৰ সীমিত জ্ঞানৰ দ্বাৰা বুজি পোৱা খিনি আপোনালোকক আগত প্ৰকাশ কৰিলোঁ । সকলোৰে যাতে মংগলময়ী মন্ত্ৰটোৰ পৰা কল্যাণ হয় তাৰেই কামনা কৰিলোঁ ।।
॥ॐ शान्तिः शान्तिः शान्तिः
🙏
৮/০৮/২০২০
 Jitu Das

No comments:

Post a Comment

Subscribe

Stay connected and get the latest updates from Jitu Das Blog! Don’t miss out on exciting new content about Assamese culture, folk tales, and more. Click below to subscribe to my YouTube channel:

Subscribe to Jitu Das Blog on YouTube

Join the community and stay inspired by all the rich stories and cultural insights shared here!