এটা সম্পূৰ্ণ কাহিনীৰ যেনেকৈ সম্পাদনাৰ প্ৰয়োজন নাথাকে, ঠিক তেনেকৈ সফল জীৱন এটাৰো নতুনকৈ সম্পাদনা কৰাৰ কি প্ৰয়োজনীয়তা !!!
কিন্তু এই সফলতা আচলতে কি বেছিভাগ ক্ষেত্ৰত আনেহে আমাক বুজাই দিয়ে আৰু ইয়াত নিজৰ অনুভূতি বুলি একো নাথাকে ! সফলতাৰ ধাৰণা সম্পূৰ্ণৰূপে নিজা হোৱাটো উচিত ! বেছিভাগ মানুহে পৰীক্ষা বেয়া পায় কিন্তু গোটেই জীৱনটো নিজে নজনাকৈয়ে এক পৰীক্ষালৈ ৰূপান্তৰিত কৰি তোলে । তোমাৰ লগত কিমান আছে, কি কি আছে, তাৰ ওপৰত আনে নম্বৰ দিব, এটা ষ্টেটাচ দিব, তাৰ বাবেই মানুহৰ মনত অশান্তি, এতিয়াটো সকলোবোৰেই এটা ষ্টেটাচ চিম্বল,আনকি সম্পৰ্কবোৰো তাৰেই মাজত যেন অন্তৰ্গত তেনেকুৱা বোধ হয় বহুবাৰ । কিজানি, সম্ভৱত এইবোৰ নতুন সামাজিক সজ্জা, কোনে জানে, ভৱিষ্যতে আৰু কি হ'ব,
কিন্তু প্ৰশ্নটো হ'ল আমি কিমান মুক্ত , কিমান আনৰ দ্বাৰা প্ৰভাৱিত, কিমান দূৰলৈ আমি নিজকে সলনি কৰিবলৈ সাজু আনৰ সৈতে মিলিবলৈ, কাৰণ ট্রেণ্ডত থকা টিভি চিৰিজ এটা যদি আপুনি নাই চোৱা, আপোনাৰ চিন্তা হৈ যায় আপুনি কিমান মিছ কৰি আছে !
সমস্যাটো এইটো নহয় যে আনৰ মন্তব্যই আমাক প্ৰভাৱিত কৰে আমি কেনেদৰে সময় কটাও, কি কি কিনো, কি সিদ্ধান্ত লওঁ, সমস্যাটো হ'ল যে আমি নিজৰ আত্মাৰ কথা পাহৰি যাওঁ, শুনিও নুশুনো, কাৰণ সেই কথাবোৰ আনে কোৱাৰ লগত নিমিলে ।। উপায় এটাই আছে যেন আনৰ লগত নিজৰ সত্বাক মিলাব এৰি, সকলো লাজ, ভয় ,শংকা এৰি সম্পূৰ্ণৰূপে নিজৰ আত্মসত্বাক আদৰি লোৱা ।।
No comments:
Post a Comment