Jitu Das Blog | Assamese Culture, Philosophy & Life Reflections

Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.

Difference between Prokaryotic and Eukaryotic Cell (সংকোষকেন্দ্ৰীয় কোষ আৰু প্ৰকোষ কেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য)

কোনো জীৱদেহ প্ৰকোষকেন্দ্ৰীয় কোষৰ দ্বাৰা গঠিত হ'লে তেনে জীৱক প্ৰকেৰিঅ'টছ(prokaryotes) বোলে। গঠনগতভাৱে প্ৰকোষকেন্দ্ৰীয় কোষ সৰল আৰু অনুন্নত ধৰণৰ। এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-

কোষকেন্দ্ৰাৱৰণৰ দ্বাৰা আবৃত,সুগঠিত আৰু নিৰ্দিষ্ট কোনো কোষকেন্দ্ৰ নাথাকে।
এইধৰণৰ কোষত মাইট'কণ্ড্ৰিয়া,প্লাষ্টিড,গলগি বডি,অন্ত:প্ৰৰসীয় জালিকা,চেণ্ট্ৰিঅ'ল,লাইছ'জ'ম প্ৰভৃতি কোষ অংগাণু(cell organelles) আদি নাথাকে।
ৰাইব'জ'ম কোষপ্ৰৰসত সিঁচৰিত হৈ থাকে,ৰাইব'জ'ম ৭০S প্ৰকৃতিৰ হয়।
কোষবেৰ পেপটিড'গ্লাইকেনেৰে গঠিত।
এইধৰণৰ কোষত ক্ৰ'ম'জ'ম গঠিত নহয়। অকল চক্ৰাকাৰ DNA বা RNA থাকে।
DNA- ত হিষ্টন(histone) নামক প্ৰটিন নাথাকে।
এইবিলাক কোষত অতিকেন্দ্ৰ(nucleolus) নাথাকে।
শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস বা কোষাবৰণৰ ভিতৰফালে থাকে।
কোষাৱৰণ কেতিয়াবা কেতিয়াবা চাইট'প্লাজমাত প্ৰৱেশ কৰি মেছ'জ'ম(mesosome)- ৰ সৃষ্টি কৰে।
সালোকসংশ্লেষণকাৰী জীৱবিলাকৰ কোষত থাইলাকইড(thylakoid) নামক ৰঞ্জকযুক্ত অংগাণু থাকে।
কোষপ্ৰৰস বা চাইট'প্লাজমাত কোনো ধৰণৰ চলন দেখা নাযায়।
কোষত ভেকুঅ'লৰ সৃষ্টি নহয়।
অকল দ্বি-বিভাজন পদ্ধতিৰ দ্বাৰাহে কোষবিভাজন হয়।


স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত জীৱক ইউকেৰিঅ'টছ(eukaryotes) বোলে। এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-

এইধৰণৰ কোষত কোষকেন্দ্ৰটো সুসংগঠিত অৰ্থাৎ কোষকেন্দ্ৰত কেন্দ্ৰাৱৰণ,অতিকেন্দ্ৰ,কোষকেন্দ্ৰ প্ৰৰস আৰু কোষকেন্দ্ৰ জালিকা থাকে।
এইপ্ৰকাৰ কোষত আৱৰণেৰে আবৃত কোষ অংগাণু,যেনে- প্লাষ্টিড,গলগি বডি,মাইট'কণ্ড্ৰিয়া,লাইছ'জ'ম ইত্যাদি থাকে।
ৰাইব'জ'ম অন্ত:প্ৰৰসীয় জালিকা বা কোষকেন্দ্ৰাৱৰণৰ গাত আৰু কোষপ্ৰৰসত মুক্তভাৱে থাকে। এইবিলাক ৮০S প্ৰকৃতিৰ হয়।
প্ৰাণীকোষৰ ক্ষেত্ৰত চেণ্ট্ৰ'জ'ম থাকে।
এইধৰণৰ কোষত DNA আৰু RNA,উভয়প্ৰকাৰ নিউক্লিক এচিড থাকে। DNA হিষ্ট'ন প্ৰটিনযুক্ত।
উদ্ভিদকোষত ভেকুঅ'ল থাকে, প্ৰাণীকোষত সাধাৰণতে নাথাকে।
কোষপ্ৰৰস প্ৰায়ে চলাচল কৰা দেখা যায়।
এমাইট'ছিছ,মাইট'ছিছ আৰু মিঅ'ছিছ পদ্ধতিৰদ্বাৰা কোষবিভাজন হয়।
প্ৰাণীকোষৰ বাহিৰে উদ্ভিদকোষত কোষবেৰ থাকে।
শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস আৰু মাইট'কণ্ড্ৰিয়াত থাকে।
হৰিৎকণা বা ক্ল'ৰ'প্লাষ্টিড নামক দুইতৰপীয়া আৱৰণেৰে আবৃত কোষ অংগাণু থাকে,য'ত সালোকসংশ্লেষণ ঘটে।[1]



No comments:

Post a Comment

Subscribe

Stay connected and get the latest updates from Jitu Das Blog! Don’t miss out on exciting new content about Assamese culture, folk tales, and more. Click below to subscribe to my YouTube channel:

Subscribe to Jitu Das Blog on YouTube

Join the community and stay inspired by all the rich stories and cultural insights shared here!